সন্ধিয়াৰ আগে আগে আয়ে খেলাবোৰ সামৰিব কৈছিলে, তই তেতিয়া
কাণমলা এটা খাই পঢ়া টেবুলত বহিছিলি ৷
পকেটত কিন্তু তেতিয়াও মাৰ্বলগুটিবোৰে খিলখিলাই আছিল ৷
পিতাম্বৰ মাষ্টৰে দিয়া অংকবোৰ গোটা গোটা চফা চফা আখৰেৰে
কৰি যাঁওতে টোপনিৰ জালত , তেজ পানী কৰি পিতায়ে ঘটা টকাৰে
কিনা চিয়াঁহীৰ দোৱাতটোও উদঙাই দোৱাতৰ লগতে অংকৰ বহীখনো
নষ্ট কৰিছিলি ৷ তোক কোনেও দাবী ধমকি দিয়া নাছিল৷ লাহে লাহে
তোৰ ভুলবোৰো বাঢ়ি আহিছিল ৷ এসাজ খাই ইসাজ লঘূণে তোক
ৰাখিবলগীয়া হোৱাৰ যন্ত্ৰণাত আই-পিতাই দুয়ো নিশ্চুপ আছিল ৷ তই
যৌৱনৰ দেওনা নৌ পাঁওতেই অভাৱবোৰে তোক জুৰুলা কৰিছিল ৷
তই যুঁজিছিলি আৰু যুঁজি থাকোতে তোৰ ভুল কৰা স্বভাৱটো কমি
আহিছিল ৷ জীৱন যুঁজত বিজয়ী হোৱাৰ আগমূহুৰ্ত্তত তই পুনৰ এমুঠি
মাৰ্বল পকেটত ভৰাই লৈছিলি আৰু অসময়ত খেলিবলৈ পদূলীৰ
বাহিৰ হৈছিলি৷ যোৱাৰ আগত তই আইৰ চাদৰেৰে সাজি লোৱা মোৰ
পুতলাৰ দৰা-কইনাযোৰাক গৰকি দৌৰ মাৰিছিলি ।এইবাৰ মই মনে
মনে থকা নাছিলো ৷ আয়ে গালি দিব বুলি তোক উভটাই আনিবলৈ
তোৰ পিছেপিছে দৌৰিছিলো ৷ তোৰ পকেটৰ মাৰ্বলৰ খলকনিত তই
মোৰ মাত নুশুনিলি ৷ ইতিমধ্যেই তই চুবুৰী পাৰ হৈ জয়া, মনি,
চম্পা,,, ইহঁত চবৰে পুতলাবোৰ ভাঙিবলৈ আৰম্ভ কৰিছিলি ৷ ল'ৰালিৰ
ধেমালীৰ আলমতে তই ভুলবোৰ কৰি গৈ থাকিলি ।
( এজন কবি বন্ধুৰ (?) হাতত .. )
No comments:
Post a Comment