ফটা কাগজ এটুকুৰা সি জোকাৰিলে -ধোবাটোৱে তাৰ পেণ্টৰ জেপত পোৱা ।
বিয়পি পৰা আখৰবোৰে তাক বৰকৈ আমনি কৰিছে । জুনমাহৰ এই
ভৰদুপৰীয়াও তাৰ কঁপনি উঠিছে,
ভৰদুপৰীয়াও তাৰ কঁপনি উঠিছে,
ক'ত গ'ল , ক'ত গ'ল??
ক'ত হেৰাই গ'ল তাই ??
ৰাতিলৈ সি আজি দিনটোৰ খবৰ কাগজখন পুনৰ হাতত তুলি ল'লে । আজিও
সোতৰ তাৰিখ-জুন মাহ । কাগজখনৰ দ্বিতীয় পৃষ্ঠাৰ' শ্রদ্ধাঞ্জলী'ত দিয়া তাইৰ
ফটোৰে সৈতে এটা কোণ কেঁচী খনেৰে কাটি লৈ পাৰ্চটোত আলফুলে ভৰাই
থ'লে, ফটা কাগজখনৰ সৈতে ।
সোতৰ তাৰিখ-জুন মাহ । কাগজখনৰ দ্বিতীয় পৃষ্ঠাৰ' শ্রদ্ধাঞ্জলী'ত দিয়া তাইৰ
ফটোৰে সৈতে এটা কোণ কেঁচী খনেৰে কাটি লৈ পাৰ্চটোত আলফুলে ভৰাই
থ'লে, ফটা কাগজখনৰ সৈতে ।
মানুহজনীক এইবোৰ ক'লে নুবুজিব । মানুহজনীয়ে হয়টো তাকেই পাগল
ভাবিব, মাত্র এদিন লগপোৱা 'তাই'জনীৰ চিঠি অতবছৰে কঢ়িয়াই ফুৰিছে
বুলি । কিন্তু, প্রেমৰ যে অন্য এক নাম প্রতীক্ষা আৰু ত্যাগো হয়, সেইয়া তাইক
যোৱা দহ বছৰেও সি বুজাব নোৱাৰিলে ।
ভাবিব, মাত্র এদিন লগপোৱা 'তাই'জনীৰ চিঠি অতবছৰে কঢ়িয়াই ফুৰিছে
বুলি । কিন্তু, প্রেমৰ যে অন্য এক নাম প্রতীক্ষা আৰু ত্যাগো হয়, সেইয়া তাইক
যোৱা দহ বছৰেও সি বুজাব নোৱাৰিলে ।
তাৰ গালতে অকণমানি কোমল হাত এখনৰ পৰশ পৰিল । সি উচপ্ খাই
উঠিল । তাই নেকি ??চকু ঘূৰাই কাষতে শুই থকা সৰু জীয়েকক দেখি
কাষলৈ চপাই আনিলে ।
উঠিল । তাই নেকি ??চকু ঘূৰাই কাষতে শুই থকা সৰু জীয়েকক দেখি
কাষলৈ চপাই আনিলে ।
'পাপা, ষ্ট'ৰী এটা কোৱা, মই টুপু যাম ।'
"হমমম......এখন ঠাইত এটা ৰজাদিনীয়া কাৰেং আছিল । তাত এজনী
ছোৱালী সদায় কাৰোবাৰ কাৰণে ৰৈ আছিল । ....."
ছোৱালী সদায় কাৰোবাৰ কাৰণে ৰৈ আছিল । ....."