এতিয়া আন্ধাৰবোৰ ভাল লগাৰ সময়
। দেখা যে নাপাওঁ তেতিয়া তোৰ বুকুত দাগ কটা মামৰবোৰক । উচুপি নুঠিবি মাজৰাতি , আন্ধাৰে বেয়া পায় দুখ-বেদনা
। অন্তৰ মুকলি কৰি ক’বি আন্ধাৰক তোৰ সপোন, অভিমানবোৰৰ কথা । নিজৰ বুকুত কুৰুকি কুৰুকি
সোমোয়াই ল’ব তোৰ যত যাতনা ।
…..
আন্ধাৰে নুবুজে তোৰ-মোৰ মাজৰ
শব্দৰ অৰিয়াঅৰি । সেয়ে, শব্দৰ আঘাটত আহত হোৱাৰ শংকা নাথাকিব আমাৰ মাজত । বুকুপাতি আঘাটবোৰ
নিজেই গাত পাতি লয় এই আন্ধাৰবোৰে ।
…..
ওৰে ৰাতি আকোঁৱালি থাকে, আশ্বাস দি ৰাখে । তই আহিবি
বুলি সপোনো নেদেখুৱাই, নিৰাশও নকৰে । কাৰণ, আন্ধাৰতে হ’লেও কঢ়িয়াই আনে তোৰ মাৰ্বলৰ
চকুৰে সতে মৰম আকলুৱা মুখখনি ।
…..
সেয়ে কওঁ, এতিয়া আন্ধাৰবোৰ ভাল
লগাৰ সময় । কাৰণ, এই আন্ধাৰে মোক বুজালে, না তই মোৰ উন্মাদনা, না তই মোৰ জিদ্ আৰু না
তই মোৰ সপোন । না কথাৰে, না কবিতাৰে , না গানেৰে ব্যক্ত কৰিব পাৰো তোক । কেৱল অনুভৱ কৰিব পাৰো তোক, তাকো এই আন্ধাৰত । তই
মোৰ বাবে এটা জীয়া “অনুভৱ”।
…
সচাঁয়ে, এতিয়া আন্ধাৰবোৰ ভাল
লগাৰ সময় ।

No comments:
Post a Comment