Showing posts with label mistakes. Show all posts
Showing posts with label mistakes. Show all posts

Friday, 9 August 2013

ল'ৰালিতে ধেমালীতে ( অনুভৱ )


সন্ধিয়াৰ আগে আগে আয়ে খেলাবোৰ সামৰিব কৈছিলে, তই তেতিয়া 


কাণমলা এটা খাই পঢ়া টেবুলত বহিছিলি ৷ 


পকেটত কিন্তু তেতিয়াও মাৰ্বলগুটিবোৰে খিলখিলাই আছিল ৷ 



 পিতাম্বৰ মাষ্টৰে দিয়া অংকবোৰ গোটা গোটা চফা চফা আখৰেৰে 


কৰি যাঁওতে টোপনিৰ জালত , তেজ পানী কৰি পিতায়ে ঘটা টকাৰে 


কিনা চিয়াঁহীৰ দোৱাতটোও উদঙাই দোৱাতৰ লগতে অংকৰ বহীখনো 


নষ্ট কৰিছিলি ৷  তোক কোনেও দাবী ধমকি দিয়া নাছিল৷  লাহে লাহে 


তোৰ ভুলবোৰো বাঢ়ি আহিছিল ৷   এসাজ খাই ইসাজ লঘূণে তোক 


ৰাখিবলগীয়া হোৱাৰ যন্ত্ৰণাত আই-পিতাই দুয়ো নিশ্চুপ আছিল ৷  তই 


যৌৱনৰ দেওনা নৌ পাঁওতেই অভাৱবোৰে তোক জুৰুলা কৰিছিল ৷ 


তই যুঁজিছিলি আৰু যুঁজি থাকোতে তোৰ ভুল কৰা স্বভাৱটো কমি 


আহিছিল ৷ জীৱন যুঁজত বিজয়ী হোৱাৰ আগমূহুৰ্ত্তত তই পুনৰ এমুঠি 


মাৰ্বল পকেটত ভৰাই লৈছিলি আৰু অসময়ত খেলিবলৈ পদূলীৰ 


বাহিৰ হৈছিলি৷  যোৱাৰ আগত তই আইৰ চাদৰেৰে সাজি লোৱা মোৰ 


পুতলাৰ দৰা-কইনাযোৰাক গৰকি দৌৰ মাৰিছিলি ।এইবাৰ মই মনে 


মনে থকা নাছিলো ৷ আয়ে গালি দিব বুলি তোক উভটাই আনিবলৈ 


তোৰ পিছেপিছে দৌৰিছিলো ৷ তোৰ পকেটৰ মাৰ্বলৰ খলকনিত তই 


মোৰ মাত নুশুনিলি ৷ ইতিমধ্যেই তই চুবুৰী পাৰ হৈ জয়া, মনি, 


চম্পা,,, ইহঁত চবৰে পুতলাবোৰ ভাঙিবলৈ আৰম্ভ কৰিছিলি ৷ ল'ৰালিৰ 


ধেমালীৰ আলমতে তই ভুলবোৰ কৰি গৈ থাকিলি । 


( এজন কবি বন্ধুৰ  (?) হাতত .. )

ল'ৰালিতে ধেমালীতে ( অনুভৱ )

সন্ধিয়াৰ আগে আগে আয়ে খেলাবোৰ সামৰিব কৈছিলে, তই তেতিয়া  কাণমলা এটা খাই পঢ়া টেবুলত বহিছিলি ৷  পকেটত কিন্তু তেতিয়াও মাৰ্বলগুটিবোৰে খ...