Showing posts with label Memories. Show all posts
Showing posts with label Memories. Show all posts

Saturday, 3 August 2013

জেপ ( গল্প )

ফটা কাগজ এটুকুৰা সি জোকাৰিলে -ধোবাটোৱে তাৰ পেণ্টৰ জেপত পোৱা ।

বিয়পি পৰা আখৰবোৰে তাক বৰকৈ আমনি কৰিছে ।  জুনমাহৰ এই 

ভৰদুপৰীয়াও তাৰ কঁপনি উঠিছে, 

ক'ত গ'ল , ক'ত গ'ল??

ক'ত হেৰাই গ'ল তাই ??

ৰাতিলৈ সি আজি দিনটোৰ খবৰ কাগজখন পুনৰ হাতত তুলি ল'লে । আজিও 

সোতৰ তাৰিখ-জুন মাহ । কাগজখনৰ দ্বিতীয় পৃষ্ঠাৰ' শ্রদ্ধাঞ্জলী'ত দিয়া তাইৰ 

ফটোৰে সৈতে এটা কোণ কেঁচী খনেৰে কাটি লৈ পাৰ্চটোত আলফুলে ভৰাই 

থ'লে, ফটা কাগজখনৰ সৈতে । 


মানুহজনীক এইবোৰ ক'লে নুবুজিব ।  মানুহজনীয়ে হয়টো তাকেই পাগল 

ভাবিব, মাত্র এদিন লগপোৱা 'তাই'জনীৰ চিঠি অতবছৰে কঢ়িয়াই ফুৰিছে 

বুলি । কিন্তু, প্রেমৰ যে অন্য এক নাম প্রতীক্ষা আৰু ত্যাগো হয়, সেইয়া তাইক 

যোৱা দহ বছৰেও সি বুজাব নোৱাৰিলে ।


তাৰ গালতে অকণমানি কোমল হাত এখনৰ পৰশ পৰিল । সি উচপ্ খাই 

উঠিল । তাই নেকি ??চকু ঘূৰাই কাষতে শুই থকা সৰু জীয়েকক দেখি 

কাষলৈ চপাই আনিলে  ।

'পাপা, ষ্ট'ৰী এটা কোৱা, মই টুপু যাম ।'

"হমমম......এখন ঠাইত এটা ৰজাদিনীয়া কাৰেং আছিল । তাত এজনী 

ছোৱালী সদায় কাৰোবাৰ কাৰণে ৰৈ আছিল । ....."



ল'ৰালিতে ধেমালীতে ( অনুভৱ )

সন্ধিয়াৰ আগে আগে আয়ে খেলাবোৰ সামৰিব কৈছিলে, তই তেতিয়া  কাণমলা এটা খাই পঢ়া টেবুলত বহিছিলি ৷  পকেটত কিন্তু তেতিয়াও মাৰ্বলগুটিবোৰে খ...