২৪ জুলাই, ২০১৩ ।
“নিশা
ডেৰ বাজিছে । ঘৰৰ সকলো শুই নি:পালি দিলে । বুকুখন চাকৈ-চকোৱা জনীৰ নিচিনা চটফটাবলৈ
লাগিছে । সি শুলেনে নাই বাৰু ? মেছেজ এটাকে দি দিওঁবুলি হাতলৈ ফোনটো আনিও গাৰুৰ তলত পুনৰ
ভৰাই থলো ।
মাজে মাজে ফোনটো উলিয়াই সময়টো
চাওঁ – পুৱতি নিশা ২ বাজিছে, ৪ বাজিছে । ওৰেটো নিশা বাজি থাকিল কাণত সি বেয়া পোৱা লতা
মংগেশকাৰৰ ‘ অউৰ ক্যা এহদে ৱফা হ’তেহে…” । একেবাৰেই যোগাযোগহীন হৈ গ’লো দুটা প্রাণী,
যাৰ আত্মা একেটাই আছিল । চকুপানী বাগৰি আহি গাৰুটো ভিজি গ’ল । অলপ পাছতে সি কোৱা কথা
এটা মনত পৰিল- “ গোটেই আত্মাৰ দুখবোৰ চকুতে আনি থৈছা যে? “ আকৌ বেঙীজনীৰ নিচিনাকৈ চকুপানীবোৰ মচি পেলাও । ৫
টা বজাত বিছনাৰ পৰা নামো । হমমম্….এতিয়া দিনৰ পোহৰত সুখী হোৱাৰ নাটক ।“
১২ এপ্রিল, ২০১৬।
নতুন
ঘৰটোৰ পাছফালৰ বাৰাণ্ডাত দমাই থোৱা পুৰণা ট্রাঙ্কটো চাফা কৰি থাকোতে পাপৰিয়ে তাইৰ ডায়েৰীখন
পালে । ৩ বছৰ পুৰণি ডায়েৰী । পঢ়ি থাকোতে বুকুখন গধুৰ হৈ পৰিল । টপটপকৈ কেতিয়া চকুপানী
পৰি বুকুৰ চাদৰখন টিটিলে গমেই নাপালে । কিমান
যে অভিমানী আছিল সময়বোৰ । এটা মাত্র ভুল বুজাবুজিয়ে
নিঃশেষ কৰি পেলাইছিল তাইৰ হেপাহ, অনুভৱবোৰক ।
হঠাৎ
পিছপিনৰপৰা মানুহজনে মাত লগালে –“ হৌৰা, কামবোৰ সোনকালে সামৰি গা-পা ধুই ওলোৱা আকৌ
। মায়ে ঘৰলৈ সোনকালে ওলাই যাব কোৱা নাছিল জানো । অকণমানিও আকৌ টোপনিয়ে গ’ল । ৰ’দটো
মুৰলৈ নুঠোতেই ওলাই যোৱা ভাল হ’ব, নহ’লে তাই কষ্ট পাব গৰমখনত ।“ কথাখিনি কৈ কৈ মানুহজন
একেবাৰে তাইৰ কাষ পালেহি । খপজপকৈ ডায়েৰী খন ভৰাই থবলৈ ল’লে তাই ।
কিন্তু হাতৰ পৰা ওলাই পৰিল সেইখন
। আৰু লগতে পৰিল সেই ল’ৰাজনৰ সৰুকালৰ ফটো এখন ।
তাইৰ মানুহজনে ফটোখন হাতত তুলি
ল’লে । তাইৰ বুকু শুকাই গ’ল ।
“ ইচ্, কি যে মানুহ তুমি । এইসোপা
কিয় থৈ দিছা? জ্বলাই পেলাবা । এইবোৰ চাই চাই চকুপানী টুকি থাকি কি পোৱা অ’ ? “
মানুহটোৰ
কথাখিনি শুনি তাইৰ লাজো লাগিল , অলপ মুখখনো ফুলিল । তাইৰ ডায়েৰী তাইৰ কথা ,সযতনে থৈ দিব নে জ্বলাব ।
তেওঁ পতি হ’ল বুলিয়েই আৰু ….।
“ যোৱা
যোৱা এতিয়া গা ধুই ওলোৱা সোনকালে । ইয়াত বহি বহি বানপানী আনিব নালাগে । মই মানুহটোৱেই
আছো দেখোন এতিয়া । আৰু কি লাগে তোমাক হা ?
ভুল বুজাবুজি হৈ ভালহে হৈছিল । তেতিয়াহে তোমাৰ পৰা দূৰ হৈছিলো । দূৰত্বই মৰম বঢ়ালেহে
। এটা অৰ্থত সেই দূৰত্বই আমাক আচলতে কাষ চপালে বুজিছা ? ক’ত বুজিবা । তোমাকটো মই যি
বুজাও আগৰে পৰা তাৰ ওলোটাটো বুজাৰ বেমাৰ আছে তোমাৰ । “
“হ’ব দিয়ক , এতিয়া আকৌ মোক নবকিব । বিয়াৰ আগৰেপৰা অতবছৰে আপোনাৰ বকনি শুনোতেই গ’ল
। আৰু নহ’ব । “- পাপৰিয়ে চাদৰৰ আঁচলেৰে চকুপানী আৰু লাজখিনি ঢাকিবলৈ চেষ্টা কৰি ক’লে ।
‘ইচ্
চকুপানী লুকুৱাইছে চোৱা । যোৱা এতিয়াই, কেইদিনমানৰ পিছত জীয়ৰী ডাঙৰ হৈ এইবোৰ দেখিলে
কি ভাবিব হা ? –চা, বুঢ়াবুঢ়ী দুটা ইমান ৰোমাণ্টিক !! “
যাহ্
এই মানুহটো যে ইমান বেয়া বুলি গিৰিয়েকক বুকুতে ঢকা এটা মাৰি তাই অকণমানী শুই থকা কোঠাটোৰে
গৈ বাথৰূমত সোমালেগৈ । বাথৰূমত চাৰ্ফ এক্সেলৰ পেকেটতো দেখি তাইৰ ডায়লগটোলৈ মনত পৰিল
– “দাগ অচ্ছে হ’তে হে “। হমমম্ ঠিকেইটো। দূৰত্বও মাজে মাজে সম্পৰ্কবোৰৰ গভীৰতা বঢ়াবলৈ ভালেই
দেখোন ।

No comments:
Post a Comment