Sunday, 28 July 2013

অভিমানী পুৰুষজন ( অনুভৱ )

[এটা তেনেই ক্ষুদ্র  জীৱনত এপাচি মান অভিজ্ঞতা বুকুত কঢ়িয়াই লৈ ফুৰিছো । নিজ জীৱনৰ ঘাট-প্রতিঘাটবোৰতকৈ অচিনাকী মানুহবোৰৰ জীৱনৰ যুঁজবোৰে মোক সাহ দিয়ে । তথাপিও ক'ৰবাত বাট হেৰুৱাও । হিঁয়া উজাৰি কান্দো, ডায়েৰীবোৰ মেলি লৈ পুনৰ পঢ়ো । তাত তেওঁলোকক বিচাৰি পাওঁ, সাহ পাঁও । একেবাৰেই আপোন এই অভিমানী অচিনাকী মানুহজন । আজি তেওঁ এই পৃথিৱীত নাই । তথাপিও তেঁও এতিয়াও মোৰ আপোন । কেতিয়াবা যে গোটেই জীৱন লগ পাই থকা মানুহবোৰো ইমান আপোন হ'ব নোৱাৰে । ]


তেখেতক আজি লগ পাই গ’লো অনাকাংক্ষিতভাৱে। কিন্তু আগতে যিমান বাৰেই মেডিকেললৈ আহিছো, মনটোৱে ৰোগীসকলৰ মাজত তেখেতকেই বিচাৰি থাকে । এইযেন আহি মোক মাতিবহি _”ভালনে তোমাৰ ?”

আজি তেখেতক দেখি মনত আনন্দৰ ঢৌ খেলি গ’ল । এই পাঁচমাহ ধৰি মোৰ চকুযুৰিয়ে তেখেতক বিচাৰি ফুৰিছে । কেতিয়াবা OPD ৰ পৰা তেখেত থকা কেবিনটোলৈ যাবলৈ বৰ মন যায় । কিন্তু পিছমূহুৰ্ত্ততে থমকি ৰওঁ । যদি তেখেতক  নাপাই তেখেতৰ মৃত্যুৰ বাতৰি পাওঁ? সেই  একেটা ভয়তে তেখেতে দিয়া মোবাইল নাম্বাৰটোৱো ব্যৱহাৰ কৰা নাই যোৱা পাঁচমাহে , যদি কোনোবাই ফোন ৰিছিভ্ কৰি কয়-নাই, আদিত্য বৰুৱা আৰু এই পৃথিৱীত নাই ।

আদিত্য বৰুৱা , ষাঠিৰ উৰ্দ্ধৰ এজন ব্যক্তি । পাঁচমাহৰ আগতে মেডিকেলৰ মোৰ কাষৰ কেবিনটোতে ভৰ্ত্তি হৈছিল । নিজৰ গাঁওখনক হিয়া উজাৰি ভালপোৱা এজন উদ্যমী ব্যক্তি । গাৱঁৰ ল’ৰা-ছোৱালীখিনিক পঢ়াশুনাৰ জৰিয়তে ভাল পথ দেখুৱাবলৈ অহৰহ প্রঠেষ্টা চলাই যোৱা এজন বহল মনৰ অধিকাৰী ব্যক্তি ।

গধুলি মেডিকেলৰ বাৰান্দাত ঢিমা বাল্বৰ পোহৰৰ তলত বহি তেখেতে কৈ গৈছিল এইবোৰ কথা । মই কি পঢ়োঁ, কি পঢ়িঁ ভালপাও, তেখেতৰ প্রিয় কিতাপ, বিষয়, ইত্যাদি অলেখ কথা আমাৰ গধুলিৰ আলোচনাৰ অংশ হৈ পৰিছিল ।

প্রথম এডমিট্ হোৱাৰ দিনা ভাৱ হৈছিল, ইমান হৃষ্ট-পুষ্ট মানুহ এজনৰনো কি বেমাৰ হ’ব পাৰে । অহাৰ দুদিনমান পাছলৈকে তেখেতৰ ৰোগৰ পৰীক্ষা-নিৰীক্ষা চলি আছিল। কথা-বতৰাৰ পৰা তেখেত মানসিকভাৱে অতি শক্তিশালী যেন ভাৱ হৈছিল । কিন্তু যিদিনাখন ডাক্তৰে জনাইছিল তেখেত কেঞ্চাৰ ৰোগত আক্ৰান্ত বুলি, সমগ্র পৃথিৱীখনেই তেখেতৰ বাবে অচিনাকী হৈ পৰিল । হিঁয়া উজাৰি জীৱনক ভালপোৱা মানুহজনৰ হাতৰ মুঠিৰ পৰা বালিৰ দৰে যেন “জীৱন” সৰকি সৰকি শেষ হোৱাৰ উপক্রম হ’ল হঠাতে । পত্নীৰ মুখলৈ চকু তুলি চাব পৰা নাছিল তেখেতে । আৰু মই ? তেখেতৰ লগত মুখামুখি হোৱাৰ ভয়ত আঁতৰি ফুৰিছিলো ।

আনদিনাৰ দৰে সেইনিশা আহাৰ গ্রহণ কৰাৰ আগত তেখেতৰ পত্নীক পানী আনিবলৈ যোৱা নেদেখিলো । বুজিবলৈ বাকী নাথাকিল যে আজি তেওঁলোকে আাহাৰ গ্রহণ নকৰিলে । কেবিনৰ লাইট্ বন্ধ কৰি দুয়ো একদম্ নিস্তব্দ্ধ হৈ বিছনাত পৰি ৰ’ল ।

সন্তানহীন আদিত্য বৰুৱাৰ  যেন মনত ওৰেটো নিশা আজলী পত্নীৰ চিন্তাই আগুৰি থাকিল । আজি ‘নিজৰ’ বুলি কাৰোবাৰ হাতত এই আজলী মানুহজনীক এৰি থৈ যাবলৈ চিন্তা কৰিয়ে তেখেতে প্রথমবাৰৰ বাবে জীৱনত সন্তানৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে । সেই নিশাৰ পাছৰে পৰা তেখেতৰ আচৰণৰ যথেষ্ঠ পৰিৱৰ্ত্তন হ’ল । মানুহজনে কাকোৱে বিশ্বাসত ল’ব পৰা নাছিল । ডাক্তৰক বাৰেপতি সুধিছিল, কথাটো সঁচানে ??

গধুলিৰ বাৰান্দাৰ মেলখনো লাহে লাহে কমি আহিছিল । যিখিনি সময় কথা পাতে, বেছিভাগ সময়ে জীৱনটোক লৈ আক্ষেপ কৰে । প্রশ্ন কৰে, তেওঁৰ লগতে কিয় হ’ল?? মানুহজনৰ কথাবতৰাবোৰ লাহে লাহে মোৰ অচিনাকী যেন লগা হৈ পৰে ।

 ইতিমধ্যে কেম’ আৰম্ভ হৈছিল । আবেলিতে গৈ বহু পলমকৈ কেবিনলৈ উভটি অহা হৈছিল । মই প্রতি সন্ধিয়া মোৰ কেবিনৰ সন্মুখত তেখেত অহালৈ বাট চাও । পিছে সেই অপেক্ষা মিছা হৈ পৰে । তেখেতক ক’বলৈ থোৱা কথাবোৰে মোৰ দুৰ্বল শৰীৰটো আৰু বেছি দুৰ্বল কৰি তোলে । মানুহজন লাহে লাহে ক’লা পৰি আহিছিল । খোৱালোৱা সকলোতে অনিয়ম হ’বলৈ ধৰিল । বেছিকৈ কথা নপতা হ’ল, কাৰণ কথা পাতিলেই তেঁওৰ কাঁহটো বুকু ফাটি যাঁও যেন কৰি ওলাই আহিবলৈ ধৰে । কেম’ ল’বলৈ ওলাই যোৱাৰ আগৰ সময়খিনিলৈকে কিবা এখন কিতাপ হাতত লৈ পঢ়ি থাকে । কথা অলপ পাতো বুলি অলপ আগুৱাই গৈও তেখেতৰ আমনি হ’ব ভাবি পিছ হুহঁকি আহো । মই বুজি উঠিছিলো, “মা,তোমাৰ লগত কথা পাতি বৰ “নিজৰ” যেন লাগে” বুলি কোৱা মানুহজনে মোৰ পৰা পলাই ফুৰিব ধৰিছে ।

মোৰ সৰু কেবিনটোৰ সেউজীয়া পৰ্দ্দাৰ আঁৰ লৈ মই তেখেতক চাঁও । তেখেতে পঢ়িথকা কিতাপখন প্রায়ে বুকুত ঢলি পৰে টোপনিত। বহুদেৰি চকু মুদি থাকিলে মোৰো ভয় লাগি যায় । ভয়ে ভয়ে লক্ষ্য কৰো, তেখেতৰ বুকুখন উঠা-নমা কৰিছেনে নাই । ...প্রায় ১২ দিন তেখেতক ওচৰৰ পৰা পালো । প্রথমদিনা লগপোৱা মনুহজন আৰু এই দহ-বাৰদিনৰ পাছৰ মানুহজন কিবা এক নিমিলা অংকৰ দৰে লাগিব ধৰিলে মোৰ ।

শণিবাৰ এটাত মই মেডিকেলৰ পৰা ৰিলিজ্ পালো । মনটো কিবাযেন লাগিল । এই কেইদিনত আপোন হৈ পৰা আদিত্য বৰুৱা, আজলী বৰ্মা, কমল কাৰ্দং, ৰূপা,...এই সকলোকে এৰি যাবলৈ মনে একেবাৰে মনা নাই দেখোন । আৰু আদিত্য বৰুৱা, নিজৰ চকুপানী ঢাকিবলৈ বাৰান্দা খনতে ইফাল-সিফাল কৰি ফুৰিছে । অৱশেষত কাষলৈ আহি ক’লে-“মা, নিজৰ যত্ন ল’বা । মই বা কেতিয়াকৈ যাবলৈ পাম ।“ মই ক’ব নোৱাৰিলো উভটি যে, মই আপোনাক লগ কৰিবলৈ আহিম ।
সেইদিন ধৰি মই তেখেতৰ মুখামুখি হোৱা নাই । যিমানবাৰ চেক্ আপৰ কাৰণে মেডিকেললৈ আহিছো, চকুযুৰিয়ে তেখেতকে বিচাৰি ফুৰে । কিন্তু সাহস নহয় এবাৰো তেখেতক বিচাৰি কেবিন নাম্বাৰ ১২ লৈ যাবলৈ । কেৱল তেখেত আৰু নাই বুলি শুনিবলৈ পোৱাৰ ভয়ত ।

আৰু আজি প্রায় পাঁচমাহমানৰ মূৰত নভবাকৈ তেখেতক লগ পাই গ’লো । এইজন যেন মোৰ একেবাৰে অচিনাকী কোনোবা আদিত্য বৰুৱা । কি হৈ গ’ল সেই সবল-সুঠাম মানুহজনৰ ?? গাৰ বৰণ ক’লা পৰিল,ক্ষীণ হৈ পৰিল আৰু সেই উজ্বল চকু দুটা সম্পূৰ্ণ ৰঙা জলজলীয়া হৈ পৰিল ।
চকুৰ আগত মানুহজনক আচম্বিতে পাই ক’ৰ পৰা কথা আৰম্ভ কৰো ভাবি শব্দ বিচাৰি নোপোৱা হ’লো । অথচ, যোৱা পাঁচমাহে তেখেতৰ লগত পাতিবলৈ স্বাস্হ্যৰ পৰা আৰম্ভ কৰি নতুন কিতাপ, গাঁৱত থকা তেখেতৰ ব্যক্তিগত পুথিভঁৰালকে আদি কৰি বহুত সুধিবলগীয়া কথাবোৰে মোৰ বুকুত এটা অতিৰিক্ত বোজাৰ ৰূপ লৈছেগৈ । এইজন মানুহক “ভালে আছেনে?” বুলি সুধিলে যেন ইতিকিং কৰা হ’ব । মানুহজন যথেষ্ঠ সলনি হ’ল । সলনি নহ’ল যদি কেৱল তেখেতৰ জীৱনৰ প্রতি থকা ক্ষোভ, অভিমান ।

ফাৰ্মাচীখনৰ বেঞ্চখনত মোক বহুৱাই লৈ সেই প্রথম দিনা মেডিকেলত চিনাকী হওঁতে যেনেদৰে অনৰ্গল কথা কৈছিল, থিক তেনেদৰে তেখেতে ক’বলৈ আৰম্ভ কৰিলে । তেখেতে কৈ গ’ল, কেনেকৈ আঢ়ৈ মাহ মেডিকেলত কটালে । আৰু কেনেকৈ এদিন অতীষ্ঠ হৈ ঘৰলৈ উভটি গ’ল । আজি মই পুনৰ সেই মোৰ লগত কথা পাতি ভালপোৱা মানুহজনক যেন ঘূৰাই পালো । তেখেতেও উশাহ নসলোৱাকৈ কৈ গৈছিল । হঠাৎ মোক আচৰিত কৰি কৈ উঠিল, “ মা, মই পাপ কাম এটা কৰিবলৈ লৈছিলো । কোনেও নাজানে সেই কথা । কাৰো আগত সেই পাপ স্বীকাৰ কৰিবলৈ সাহ গোটাব নোৱাৰিলো । সেইটো সময়ত তোমাৰ লগত কথা পাতিবলৈ মই ব্যাকুল হৈ পৰিছিলো । মই জানিছিলো, তোমাক কিয় মোৰ আপোন যেন লাগিছিল । “(অহ্, -সেইকাৰণেই কিজানি এই পাঁচমাহত যিমানবাৰ মেডিকেললৈ আহিলো, মোৰ মনটোৱে কেৱল তেখেতক বিচাৰি ফুৰিছিল । ) তেখেতে কৈ গ’ল-পাপ কৰাৰ পৰা কেনেকৈ নিজকে বচালে । শিক্ষক হৈ আত্মহত্যাৰ চিন্তা মনলৈ অনাটোৱেই পাপ । কিন্তু জীৱনে ইমান অতীষ্ঠ কৰি তুলিছিল যে, তেখেতে তেনে এক পাপ কৰাৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছিল । যেন , জীৱনৰ প্রতি এক প্রচন্দ অভিমান । “ জীৱন-তুমি যদি মোক ইমান দুখ-কষ্ট দি অতীষ্ঠ কৰা, মই কিয় তোমাক এৰি নাযাম ।” এজন সৰু ল’ৰাই ঠেহ্ পতাৰ দৰে কথাবোৰ কৈ গ’ল ।

কিন্তু তেখেতে নকৰিলে সেই পাপ আৰু বুকুত সাঁচি ৰাখিলে এসোপামান ক্ষোভ আৰু অভিমান । অৱশ্যে আমি অভিমান কৰোনো কাৰ ওচৰত??---যিহৰ প্রতি আমাৰ গভীৰ ভালপোৱা থাকে । তেখেতেও জীৱনক বহুত ভালপাই বাবেই হয়তো জীৱনৰ প্রতি ইমান অভিমান । তথাপি তেখেতে যুঁজিছে, আজলী পত্নীক সাৰথি কৰি থৈ যাবলৈ “নিজৰ” বুলিবলৈ কোনো আপোন নাই বাবে । এটা সেমেকা হাঁহি মুখেদি বোৱাই তেখেতে কৈ উঠিল-“মা, তোমাক মনৰ কথাবোৰ কৈহে বুকুখন পাতল লাগিছে । তোমাক আমাৰ একেবাৰে ‘নিজৰ’ যেন লাগে । “ মোৰ চকু সেমেকি উঠিছিল ।

ইতিমধ্যে মোৰ পৰা বিদায় লৈ তেখেতে নিজৰ গাড়ীত উঠিলগৈ । মোৰ বুকুত সাঁচি ৰখা কথাবোৰৰ উত্তৰ মই নোসোধাকৈয়ে দি থৈ গ’ল । গাড়ীখন চকুৰ আঁতৰ হোৱাৰ লগে লগে মোৰ বুকুখন এক অজান ভয়ত কঁপি উঠিল । তেখেতক বাৰু পুনৰ এনেকৈ লগ পাম নে? আৰু যদি কেনেবাকৈ এই ৰূপত, এই জনমত লগ নাপাঁও?? মই বাৰু তেখেতৰ চকুযুৰিৰে বুজাই থৈ যোৱা কথাবোৰ পালন কৰিব পাৰিমনে?? পাৰিমনে বাৰু মই সঁচাকৈয়ে তেওঁলোকৰ একেবাৰে “নিজৰ“ হৈ আজলী বৰ্মাৰ দ্বায়িত্ব ল’বলৈ ?? 

আকৌ এবাৰ মানুহজনে মোৰ বুকু গধুৰ হোৱাকৈ এসোপা প্রশ্ন দি থৈ গ’ল ।

(২০০৯)



                        

আন্ধাৰৰ ভালপোৱা ( অনুভৱ )

এতিয়া আন্ধাৰবোৰ ভাল লগাৰ সময় । দেখা যে নাপাওঁ তেতিয়া তোৰ বুকুত দাগ কটা মামৰবোৰক  । উচুপি নুঠিবি মাজৰাতি , আন্ধাৰে বেয়া পায় দুখ-বেদনা । অন্তৰ মুকলি কৰি ক’বি আন্ধাৰক তোৰ সপোন, অভিমানবোৰৰ কথা । নিজৰ বুকুত কুৰুকি কুৰুকি সোমোয়াই ল’ব তোৰ যত যাতনা ।
…..
আন্ধাৰে নুবুজে তোৰ-মোৰ মাজৰ শব্দৰ অৰিয়াঅৰি । সেয়ে, শব্দৰ আঘাটত আহত হোৱাৰ শংকা নাথাকিব আমাৰ মাজত । বুকুপাতি আঘাটবোৰ নিজেই গাত পাতি লয় এই আন্ধাৰবোৰে ।
…..
 ওৰে ৰাতি আকোঁৱালি থাকে, আশ্বাস দি ৰাখে । তই আহিবি বুলি সপোনো নেদেখুৱাই, নিৰাশও নকৰে । কাৰণ, আন্ধাৰতে হ’লেও কঢ়িয়াই আনে তোৰ মাৰ্বলৰ চকুৰে সতে মৰম আকলুৱা মুখখনি ।
…..
সেয়ে কওঁ, এতিয়া আন্ধাৰবোৰ ভাল লগাৰ সময় । কাৰণ, এই আন্ধাৰে মোক বুজালে, না তই মোৰ উন্মাদনা, না তই মোৰ জিদ্ আৰু না তই মোৰ সপোন । না কথাৰে, না কবিতাৰে , না গানেৰে ব্যক্ত কৰিব পাৰো তোক ।  কেৱল অনুভৱ কৰিব পাৰো তোক, তাকো এই আন্ধাৰত । তই মোৰ বাবে এটা জীয়া “অনুভৱ”।

সচাঁয়ে, এতিয়া আন্ধাৰবোৰ ভাল লগাৰ সময় । 

ঘৰ ( কবিতা )

একো একোটা বন্ধ বাকচ,

'ঘৰ' নাম দি লৈছে।

আন্ধাৰ ভিতৰবোৰ 

পৰ্দা দাঙিও পোহৰাব নোৱাৰি,

খিৰিকীৰে মনৰ ভিতৰলৈ পোহৰবোৰ 

টানিব নোৱাৰি ।

ইফালে, ঘনেপতি ৰেলৰ দীঘল উকি,

কেতিয়াবা ট্রেক এৰি যেন ঘৰৰ ভিতৰ পায়হি ।

কোলাহলবোৰে কাঢ়ি নিয়ে,

জীয়াই থকাৰ শেষ আশাকনো ।

তথাপি জীয়াই থাকে ।

নিস্তব্দ্ধ সময়খিনিত মুখত এমোকোৰা হাঁহি লৈ।

আৰু, কোনেও নজনাকৈ

ৰেলৰ দীঘল উকিৰ আঁৰ লৈ

চিঁঞৰি চিঁঞৰি কান্দে।

কাৰণ, তাই 'ঘৰ' সাজিবলৈ বিচাৰিছিল-

আন্ধাৰ, বন্ধ বাকচ নহয় ।

Friday, 26 July 2013

দূৰত্ব ( গল্প )

২৪ জুলাই, ২০১৩ ।
“নিশা ডেৰ বাজিছে । ঘৰৰ সকলো শুই নি:পালি দিলে । বুকুখন চাকৈ-চকোৱা জনীৰ নিচিনা চটফটাবলৈ লাগিছে । সি শুলেনে নাই বাৰু ? মেছেজ এটাকে দি দিওঁবুলি হাতলৈ ফোনটো আনিও গাৰুৰ তলত পুনৰ ভৰাই থলো ।
মাজে মাজে ফোনটো উলিয়াই সময়টো চাওঁ – পুৱতি নিশা ২ বাজিছে, ৪ বাজিছে । ওৰেটো নিশা বাজি থাকিল কাণত সি বেয়া পোৱা লতা মংগেশকাৰৰ ‘ অউৰ ক্যা এহদে ৱফা হ’তেহে…” । একেবাৰেই যোগাযোগহীন হৈ গ’লো দুটা প্রাণী, যাৰ আত্মা একেটাই আছিল । চকুপানী বাগৰি আহি গাৰুটো ভিজি গ’ল । অলপ পাছতে সি কোৱা কথা এটা মনত পৰিল- “ গোটেই আত্মাৰ দুখবোৰ চকুতে আনি থৈছা যে? “  আকৌ বেঙীজনীৰ নিচিনাকৈ চকুপানীবোৰ মচি পেলাও । ৫ টা বজাত বিছনাৰ পৰা নামো । হমমম্….এতিয়া দিনৰ পোহৰত সুখী হোৱাৰ নাটক ।“

১২ এপ্রিল, ২০১৬।
নতুন ঘৰটোৰ পাছফালৰ বাৰাণ্ডাত দমাই থোৱা পুৰণা ট্রাঙ্কটো চাফা কৰি থাকোতে পাপৰিয়ে তাইৰ ডায়েৰীখন পালে । ৩ বছৰ পুৰণি ডায়েৰী । পঢ়ি থাকোতে বুকুখন গধুৰ হৈ পৰিল । টপটপকৈ কেতিয়া চকুপানী পৰি বুকুৰ চাদৰখন টিটিলে গমেই নাপালে ।  কিমান যে অভিমানী আছিল সময়বোৰ  । এটা মাত্র ভুল বুজাবুজিয়ে নিঃশেষ কৰি পেলাইছিল তাইৰ হেপাহ, অনুভৱবোৰক ।

হঠাৎ পিছপিনৰপৰা মানুহজনে মাত লগালে –“ হৌৰা, কামবোৰ সোনকালে সামৰি গা-পা ধুই ওলোৱা আকৌ । মায়ে ঘৰলৈ সোনকালে ওলাই যাব কোৱা নাছিল জানো । অকণমানিও আকৌ টোপনিয়ে গ’ল । ৰ’দটো মুৰলৈ নুঠোতেই ওলাই যোৱা ভাল হ’ব, নহ’লে তাই কষ্ট পাব গৰমখনত ।“ কথাখিনি কৈ কৈ মানুহজন একেবাৰে তাইৰ কাষ পালেহি । খপজপকৈ ডায়েৰী খন ভৰাই থবলৈ ল’লে তাই ।
কিন্তু হাতৰ পৰা ওলাই পৰিল সেইখন । আৰু লগতে পৰিল সেই ল’ৰাজনৰ সৰুকালৰ ফটো এখন ।
তাইৰ মানুহজনে ফটোখন হাতত তুলি ল’লে । তাইৰ বুকু শুকাই গ’ল ।
“ ইচ্, কি যে মানুহ তুমি । এইসোপা কিয় থৈ দিছা? জ্বলাই পেলাবা । এইবোৰ চাই চাই চকুপানী টুকি থাকি কি পোৱা অ’ ? “

মানুহটোৰ কথাখিনি শুনি তাইৰ লাজো লাগিল , অলপ মুখখনো ফুলিল ।  তাইৰ ডায়েৰী তাইৰ কথা ,সযতনে থৈ দিব নে জ্বলাব । তেওঁ পতি হ’ল বুলিয়েই আৰু ….।

“ যোৱা যোৱা এতিয়া গা ধুই ওলোৱা সোনকালে । ইয়াত বহি বহি বানপানী আনিব নালাগে । মই মানুহটোৱেই আছো দেখোন এতিয়া  । আৰু কি লাগে তোমাক হা ? ভুল বুজাবুজি হৈ ভালহে হৈছিল । তেতিয়াহে তোমাৰ পৰা দূৰ হৈছিলো । দূৰত্বই মৰম বঢ়ালেহে । এটা অৰ্থত সেই দূৰত্বই আমাক আচলতে কাষ চপালে বুজিছা ? ক’ত বুজিবা । তোমাকটো মই যি বুজাও আগৰে পৰা তাৰ ওলোটাটো বুজাৰ বেমাৰ আছে তোমাৰ । “

“হ’ব  দিয়ক , এতিয়া আকৌ মোক নবকিব  । বিয়াৰ আগৰেপৰা অতবছৰে আপোনাৰ বকনি শুনোতেই গ’ল । আৰু নহ’ব । “- পাপৰিয়ে চাদৰৰ আঁচলেৰে চকুপানী আৰু লাজখিনি ঢাকিবলৈ চেষ্টা কৰি ক’লে ।

‘ইচ্ চকুপানী লুকুৱাইছে চোৱা । যোৱা এতিয়াই, কেইদিনমানৰ পিছত জীয়ৰী ডাঙৰ হৈ এইবোৰ দেখিলে কি ভাবিব হা ? –চা, বুঢ়াবুঢ়ী দুটা ইমান ৰোমাণ্টিক !! “



যাহ্ এই মানুহটো যে ইমান বেয়া বুলি গিৰিয়েকক বুকুতে ঢকা এটা মাৰি তাই অকণমানী শুই থকা কোঠাটোৰে গৈ বাথৰূমত সোমালেগৈ । বাথৰূমত চাৰ্ফ এক্সেলৰ পেকেটতো দেখি তাইৰ ডায়লগটোলৈ মনত পৰিল – “দাগ অচ্ছে হ’তে হে “।  হমমম্ ঠিকেইটো।  দূৰত্বও মাজে মাজে সম্পৰ্কবোৰৰ গভীৰতা বঢ়াবলৈ ভালেই দেখোন ।

ল'ৰালিতে ধেমালীতে ( অনুভৱ )

সন্ধিয়াৰ আগে আগে আয়ে খেলাবোৰ সামৰিব কৈছিলে, তই তেতিয়া  কাণমলা এটা খাই পঢ়া টেবুলত বহিছিলি ৷  পকেটত কিন্তু তেতিয়াও মাৰ্বলগুটিবোৰে খ...